ترجمة سورة القلم

الترجمة الأسامية

ترجمة معاني سورة القلم باللغة الأسامية من كتاب الترجمة الأسامية.
من تأليف: الشيخ رفيق الإسلام حبيب الرحمن .

নূন; কলমৰ শপত আৰু সিহঁতে যি লিখে তাৰ শপত!
তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহ যে, তুমি উন্মাদ নহয়।
আৰু নিশ্চয় তোমাৰ বাবে আছে নিৰবিচ্ছিন্ন পুৰষ্কাৰ।
আৰু নিশ্চয় তুমি মহান চৰিত্ৰৰ উচ্চ শৃঙ্গত অধিষ্ঠিত।
এতেকে অনতিপলমে তুমি দেখিবলৈ পাবা আৰু সিহঁতেও দেখিবলৈ পাব--
তোমালোকৰ মাজত কোন বিকাৰগ্ৰস্থ?
নিশ্চয় তোমাৰ প্ৰতিপালক সম্যক অৱগত সিহঁতৰ বিষয়ে যিহঁতে তেওঁৰ পথৰ পৰা বিচ্যুত হৈছে, আৰু তেওঁ হিদায়ত প্ৰাপ্তসকলৰ বিষয়েও সম্যক পৰিজ্ঞাত।
গতিকে তুমি মিথ্যাৰোপকাৰীসকলৰ আনুগত্য নকৰিবা।
সিহঁতে কামনা কৰে যে, তুমি আপোষকামী হোৱা, তেন্তে সিহঁতেও আপোষকামী হ'ব।
আৰু তুমি আনুগত্য নকৰিবা প্ৰত্যেক এনে ব্যক্তিৰ যিয়ে অধিক শপতকাৰী, লাঞ্ছিত,
পিঠিৰ আঁৰত নিন্দাকাৰী আৰু যিজন চোগলখুৰী কৰি ফুৰে,
কল্যাণৰ কামত বাধা প্ৰদানকাৰী, সীমালঙ্ঘনকাৰী, পাপিষ্ঠ,
দুষ্ট প্ৰকৃতিৰ, তদুপৰি কুখ্যাত;
এই বাবেই যে, সি আছিল ধন-সম্পদ আৰু সন্তান-সন্ততিৰ অধিকাৰী।
যেতিয়া তাৰ ওচৰত আমাৰ আয়াতসমূহ তিলাৱাত কৰা হয় তেতিয়া সি কয়, এইবোৰ পূৰ্বৱৰ্তীসকলৰ কল্প-কাহিনী মাত্ৰ।
অতি শীঘ্ৰে আমি তাৰ শুৰত (নাকত) দাগ দিম।
নিশ্চয় আমি ইহঁতক পৰীক্ষা কৰিছো, যেনেকৈ পৰীক্ষা কৰিছিলো উদ্যান-অধিপতিসকলক, যেতিয়া সিহঁতে শপত কৰিছিল যে, অৱশ্যে ৰাতিপুৱাই সিহঁতে বাগানৰ ফল আহৰণ কৰিব।
আৰু সিহঁতে ‘ইন শ্বা আল্লাহ’ কোৱা নাছিল।
সেয়ে তোমাৰ প্ৰতিপালকৰ ওচৰৰ পৰা এটা প্ৰদক্ষিণকাৰী (বিপৰ্যয়, জুই) বাগানৰ ওপৰত প্ৰদক্ষিণ কৰিলে, সেই সময়ত সিহঁত আছিল টোপনিত।
ফলত ই (জুই লাগি) কলাবৰ্ণৰ নিচিনা হৈ গ’ল।
ৰাতিপুৱাই সিহঁতে ইজনে সিজনক মাতি ক’লে,
‘যদি তোমালোকে ফল আহৰণ কৰিব বিচৰা তেনেহ’লে পুৱতি নিশাই তোমালোকৰ বাগানলৈ যোৱা’।
তাৰ পিছত সিহঁতে যাবলৈ ধৰিলে, আৰু নিম্নস্বৰে এই কথা কৈ আছিল--
যে ‘আজি তাত তোমালোকৰ ওচৰত যাতে কোনো দুখীয়া-অভাৱী প্ৰৱেশ কৰিব নোৱাৰে’।
আৰু সিহঁতে পুৱতি নিশাই দৃঢ় ইচ্ছা শক্তি লৈ সক্ষম অৱস্থাত (বাগানলৈ) যাত্ৰা কৰিলে।
তাৰ পিছত সিহঁতে যেতিয়া বাগানখন দেখিবলৈ পালে, তেতিয়া সিহঁতে ক’লে, ‘নিশ্চয় পথ হেৰুৱাইছো’।
‘বৰং আমি বঞ্চিত’।
সিহঁতৰ মাজৰ শ্ৰেষ্ঠ ব্যক্তিজনে ক’লে, ‘মই তোমালোকক কোৱা নাছিলোনে যে, তোমালোকে কিয় আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা নকৰা’?
সিহঁতে ক’লে, ‘আমি আমাৰ প্ৰতিপালকৰ পৱিত্ৰতা ঘোষণা কৰোঁ। নিশ্চয় আমি যালিম আছিলো’।
তাৰ পিছত সিহঁতে ইজনে সিজনক দোষাৰোপ কৰিবলৈ ধৰিলে।
সিহঁতে ক’লে, ‘হায়, আমাৰ ধ্বংস! নিশ্চয় আমি সীমালঙ্ঘনকাৰী আছিলো’।
সম্ভৱতঃ আমাৰ প্ৰতিপালকে আমাক ইয়াতকৈয়ো উৎকৃষ্ট বিনিময় প্ৰদান কৰিব। অৱশ্যে আমি আমাৰ প্ৰতিপালকৰ প্ৰতি আগ্ৰহী।
এইদৰেই হয় শাস্তি আৰু আখিৰাতৰ শাস্তি আৰু ডাঙৰ, যদি সিহঁতে জানিলেহেঁতেন।
নিশ্চয় মুত্তাক্বীসকলৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত আছে নিয়ামতপূৰ্ণ জান্নাত।
আমি মুছলিম (আনুগত)সকলক অপৰাধীসকলৰ দৰে গণ্য কৰিম নেকি?
তোমালোকৰ কি হৈছে, তোমালোকে এইটো কেনেকুৱা সিদ্ধান্ত কৰা?
তোমালোকৰ ওচৰত কোনো পুথি আছে নেকি য’ত তোমালোকে অধ্যয়ন কৰা--
যে, নিশ্চয় তোমালোকৰ বাবে তাত এনেকুৱা বস্তু আছে যি তোমালোকে পছন্দ কৰা?
অথবা তোমালোকৰ বাবে আমাৰ লগত কিয়ামত পৰ্যন্ত বলবৎ থকা এনেকুৱা কোনো অঙ্গীকাৰ আছে নেকি যে, তোমালোকে নিজৰ বাবে যিটোৱে ফয়চালা কৰিবা সেইটোৱে পাবা?
তুমি সিহঁতক সোধা, সিহঁতৰ মাজত এই দাবীৰ জিম্মাদাৰ কোন?
অথবা সিহঁতৰ বাবে (আল্লাহৰ লগত) বহুতো অংশীদাৰ আছে নেকি? আছে যদি তেন্তে সিহঁতে সিহঁতৰ অংশীদাৰসকলক উপস্থিত কৰক—যদি সিহঁত সত্যবাদী হয়।
সেইদিনা ভৰিৰ কলাফুলি উন্মোচিত কৰা হ’ব, সেইদিনা সিহঁতক মাতা হ’ব ছাজদাহ কৰিবলৈ, কিন্তু সিহঁত সক্ষম নহ’ব;
সিহঁতৰ দৃষ্টিসমূহ অৱনত অৱস্থাত থাকিব, অপমানে সিহঁতক আচ্ছন্ন কৰিব অথচ যেতিয়া সিহঁত নিৰাপদ আছিল তেতিয়া সিহঁতক মাতা হৈছিল ছাজদা কৰিবলৈ (কিন্তু সিহঁতে ছাজদা কৰা নাছিল)।
এতেক এৰি দিয়া মোক আৰু সিহঁতক যিসকলে এই বাণী প্ৰত্যাখ্যান কৰে। আমি সিহঁতক লাহে লাহে এনেকৈ ধৰিম যে, সিহঁতে গমেই নাপাব।
আৰু মই সিহঁতক অৱকাশ দিম। নিশ্চয় মোৰ কৌশল অত্যন্ত বলিষ্ঠ।
তুমি সিহঁতৰ ওচৰত পাৰিশ্ৰমিক (বিনিময়) দাবী কৰিছা নেকি, যাৰ ফলত সিহঁতে ঋণৰ কাৰণে ভাৰাক্ৰান্ত হৈ পৰিছে?
নে সিহঁতৰ ওচৰত গায়েবৰ জ্ঞান আছে, যিটো সিহঁতে লিখি ৰাখে!
এতেকে তুমি তোমাৰ প্ৰতিপালকৰ আদেশৰ অপেক্ষাত ধৈৰ্য ধাৰণ কৰা, আৰু তুমি মাছৰ গৰাকীৰ দৰে নহ’বা, যেতিয়া তেওঁ বিষাদ আচ্ছন্ন অৱস্থাত আহ্বান কৰিছিল।
যদি তেওঁৰ প্ৰতিপালকৰ অনুগ্ৰহ তেওঁৰ ওচৰত আহি নাপালেহেঁতেন, তেন্তে তেওঁ লাঞ্ছিত অৱস্থাত উন্মুক্ত প্ৰান্তৰত নিক্ষিপ্ত হ’লেহেঁতেন।
তাৰ পিছত তেওঁৰ প্ৰতিপালকে তেওঁক মনোনীত কৰিলে আৰু তেওঁক সৎকৰ্মপৰায়ণসকলৰ অন্তৰ্ভূক্ত কৰিলে।
আৰু কাফিৰসকলে যেতিয়া উপদেশবাণী (কোৰআন) শুনে তেতিয়া সিহঁতে এনেকুৱা দৃষ্টিৰে তোমাৰ ফালে চায় যেনিবা তোমাক বাগৰাই দিব, আৰু সিহঁতে কয়, ‘নিশ্চয় এওঁ এজন উন্মাদ (বলিয়া)’।
অথচ এই কোৰআন কেৱল বিশ্ববাসীৰ বাবে উপদেশ।
سورة القلم
معلومات السورة
الكتب
الفتاوى
الأقوال
التفسيرات

سورة (القَلَم) من السُّوَر المكية، وقد جاءت ببيانِ إعجاز هذا الكتاب للكفار، وتأكيدِ صدقِ نبوَّة مُحمَّد صلى الله عليه وسلم، وما جاء به من عندِ الله؛ فلن يستطيع الكفارُ أن يأتوا بمثل هذه الحروف أبدًا، وفي ذلك تسليةٌ للنبي صلى الله عليه وسلم، وتثبيت له، وخُتمت بتخويفِ الكفار من بطشِ الله، وتوصيةِ النبي صلى الله عليه وسلم بالصبر.

ترتيبها المصحفي
68
نوعها
مكية
ألفاظها
301
ترتيب نزولها
2
العد المدني الأول
52
العد المدني الأخير
52
العد البصري
52
العد الكوفي
52
العد الشامي
52

* سورة (القلم):

سُمِّيت سورة (القلم) بهذا الاسم؛ لافتتاحها بقَسَمِ الله بـ(القلم).

* سورة {نٓ}:

وسُمِّيت بهذا الاسم؛ لافتتاحها بهذا الحرفِ {نٓ}.

1. بيان رِفْعة قَدْرِ النبي عليه السلام (١-٧).

2. تحقير شأن الكافرين، وذمُّهم (٨-١٦).

3. قصة أصحاب الجنَّة (١٧-٣٣).

4. جزاء المؤمنين، وأسئلة إقناعية للكافرين (٣٤-٤٣).

5. تخويف الكفار من بطشِ الله، وتوصية النبي صلى الله عليه وسلم بالصبر (٤٤ -٥٢).

ينظر: "التفسير الموضوعي لسور القرآن الكريم" لمجموعة من العلماء (8 /292).

 تَحدِّي الكفار والمعانِدين بهذا الكتاب، والدلالةُ على عجزِهم عن الإتيان بمثل سُوَرِه، وإبطالُ مطاعنِ المشركين في النبي صلى الله عليه وسلم، وإثباتُ صدقِه، ومن ثم تسليةُ الله له وتثبيته.

ينظر: "التحرير والتنوير" لابن عاشور (29 /58).