ترجمة سورة التغابن

الترجمة الأسامية

ترجمة معاني سورة التغابن باللغة الأسامية من كتاب الترجمة الأسامية.
من تأليف: الشيخ رفيق الإسلام حبيب الرحمن .

আকাশমণ্ডলত যি যি আছে আৰু পৃথিৱীত যি যি আছে সকলোৱে আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে, তেওঁৰেই আধিপত্য আৰু তেওঁৰেই প্ৰশংসা; আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।
তেৱেঁই তোমালোকক সৃষ্টি কৰিছে। তাৰ পিছত তোমালোকৰ মাজত কিছুমান হৈছে কাফিৰ আৰু কিছুমান হৈছে মুমিন; আৰু তোমালোকে যি আমল কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা।
তেৱেঁই আকাশমণ্ডল আৰু পৃথিৱীক যথাযথভাৱে সৃষ্টি কৰিছে আৰু তোমালোকক আকৃতি দান কৰিছে, তাৰ পিছত তোমালোকৰ আকৃতি উৎকৃষ্ট কৰিছে; আৰু প্ৰত্যাবৰ্তন তেওঁৰ ফালেই।
আকাশমণ্ডলত আৰু পৃথিৱীত যি আছে সকলো তেওঁ জানে আৰু তোমালোকে যি গোপন কৰা আৰু যি প্ৰকাশ কৰা সেয়াও তেওঁ জানে; আৰু অন্তৰসমূহত যি আছে সেই বিষয়ে আল্লাহ সম্যক জ্ঞানী।
ইয়াৰ আগত যিসকলে কুফৰী কৰিছে সিহঁতৰ সংবাদ তোমালোকৰ ওচৰত আহি পোৱা নাইনে? সিহঁতে নিজ কৰ্মৰ বেয়া পৰিণতি ভোগ কৰিছে আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
এয়া এই বাবেই যে, সিহঁতৰ ওচৰত সিহঁতৰ ৰাছুলসকলে সুস্পষ্ট প্ৰমাণাদিসহ আহিছিল অথচ সিহঁতে কৈছিল, ‘মানুহেই আমাক পথৰ সন্ধান দিব নেকি’? তাৰ পিছত সিহঁতে কুফৰী কৰিলে আৰু মুখ ঘূৰাই ল’লে; আৰু আল্লাহেও (সিহঁতৰ ঈমানৰ বিষয়ে) ভ্ৰুক্ষেপ নকৰিলে; আৰু আল্লাহ অভাৱমুক্ত, সপ্ৰশংসিত।
কাফিৰসকলে ধাৰণা কৰে যে, সিহঁতক কেতিয়াও পুনৰুত্থিত কৰা নহ’ব। কোৱা, ‘নিশ্চয় কৰা হ’ব, মোৰ প্ৰতিপালকৰ শপত! তোমালোকক নিশ্চয় পুনৰুত্থিত কৰা হ’ব। তাৰ পিছত তোমালোকে যি কৰিছিলা সেই বিষয়ে তোমালোকক নিশ্চয় অৱগত কৰোৱা হ’ব আৰু এইটো আল্লাহৰ পক্ষে তেনেই সহজ’।
এতেকে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ লগতে আমি যি নূৰ আৱতীৰ্ণ কৰিছো তাৰ প্ৰতি ঈমান আনা; আৰু তোমালোকৰ কৃতকৰ্ম সম্পৰ্কে আল্লাহ সবিশেষ অৱহিত।
স্মৰণ কৰা, যিদিনা তেওঁ তোমালোকক সমাবেশ দিৱসৰ উদ্দেশ্যে সমবেত কৰিব, সেইদিনটোৱে হ’ব ক্ষতিৰ দিন; আৰু যিজনে আল্লাহৰ প্ৰতি ঈমান ৰাখে আৰু সৎকাম কৰে, তেওঁ তাৰ পাপসমূহ মোচন কৰি দিব আৰু তাক জান্নাতত প্ৰৱেশ কৰাব, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত সিহঁত চিৰস্থায়ী হ’ব। এইটোৱে মহাসাফলতা।
কিন্তু যিহঁতে কুফুৰী কৰে আৰু আমাৰ আয়াতসমূহক অস্বীকাৰ কৰে সিহঁতেই জাহান্নামৰ অধিবাসী, তাত সিহঁত চিৰকাল অৱস্থান কৰিব। কিমান নিকৃষ্ট সেই প্ৰত্যাবৰ্তনস্থল।
আল্লাহৰ অনুমতিবিহীন কোনো বিপদেই আপতিত নহয়। যিয়ে আল্লাহক বিশ্বাস কৰে তেওঁ তাৰ অন্তৰক সৎপথত পৰিচালিত কৰে। আল্লাহ সকলো বিষয়ে সম্যক অৱগত।
তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা। কিন্তু তোমালোকে যদি মুখ ঘূৰাই লোৱা তেন্তে (জানি থোৱা) মোৰ ৰাছুলৰ দায়িত্ব কেৱল স্পষ্টভাৱে প্ৰচাৰ কৰা।
আল্লাহ, তেওঁৰ বাহিৰে আন কোনো (সত্য) ইলাহ নাই আৰু আল্লাহৰ ওপৰতেই মুমিনসকলে তাৱাক্কুল কৰা উচিত।
হে ঈমান্দাৰসকল! তোমালোকৰ স্ত্ৰী-স্বামী আৰু সন্তান-সন্ততিসকলৰ মাজত কিছুমান তোমালোকৰ শত্ৰু; এতেকে সিহঁতৰ বিষয়ে তোমালোকে সতৰ্ক থাকিবা। যদি তোমালোকে সিহঁতক মাৰ্জনা কৰি দিয়া, সিহঁতৰ দোষ-ত্ৰুটি উপেক্ষা কৰা আৰু সিহঁতক ক্ষমা কৰি দিয়া, তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
নিশ্চয় তোমালোকৰ ধন-সম্পদ আৰু সন্তান-সন্ততি কেৱল এটা পৰীক্ষা বিশেষ; আৰু আল্লাহৰ ওচৰতেই আছে মহাপুৰষ্কাৰ।
এতেকে তোমালোকে যথাসাধ্য আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, শ্ৰৱণ কৰা, আনুগত্য কৰা আৰু তোমালোকৰ নিজৰ কল্যাণৰ বাবে ব্যয় কৰা; আৰু যিসকলৰ অন্তৰ কাৰ্পণ্যৰ পৰা ৰক্ষা কৰা হয়, সিহঁতেই সাফল্যমণ্ডিত।
যদি তোমালোকে আল্লাহক উত্তম ঋণ প্ৰদান কৰা, তেওঁ তোমালোকৰ বাবে তাক বহু গুণ বৃদ্ধি কৰি দিব আৰু তেওঁ তোমালোকক ক্ষমা কৰিব; আৰু আল্লাহ গুণগ্ৰাহী, পৰম ধৈৰ্যশীল।
তেওঁ দৃশ্য আৰু অদৃশ্য যাৱতীয় বিষয়ৰ জ্ঞানী, পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
سورة التغابن
معلومات السورة
الكتب
الفتاوى
الأقوال
التفسيرات

سورة (التغابُنِ) من السُّوَر المدنية، وقد افتُتحت بتعظيم الله عزَّ وجلَّ، وجاءت مُحذِّرةً الناسَ من يوم القيامة وهولِه؛ للعودة إلى طريق النجاح؛ وهو صراط الله المستقيمُ الذي بيَّنه صلى الله عليه وسلم، و(التغابُنُ): اسمٌ من أسماء يوم القيامة.

ترتيبها المصحفي
64
نوعها
مدنية
ألفاظها
242
ترتيب نزولها
108
العد المدني الأول
18
العد المدني الأخير
18
العد البصري
18
العد الكوفي
18
العد الشامي
18

* قوله تعالى: {يَٰٓأَيُّهَا اْلَّذِينَ ءَامَنُوٓاْ إِنَّ مِنْ أَزْوَٰجِكُمْ وَأَوْلَٰدِكُمْ عَدُوّٗا لَّكُمْ فَاْحْذَرُوهُمْۚ} [التغابن: 14]:

سأل رجُلٌ ابنَ عباسٍ عن هذه الآيةِ، فقال رضي الله عنه: «هؤلاء رجالٌ أسلَموا مِن أهلِ مكَّةَ، وأرادوا أن يأتُوا النبيَّ صلى الله عليه وسلم، فأبى أزواجُهم وأولادُهم أن يَدَعوهم أن يأتوا رسولَ اللهِ صلى الله عليه وسلم، فلمَّا أتَوْا رسولَ اللهِ صلى الله عليه وسلم رأَوْا أصحابَهم قد فَقِهوا في الدِّينِ، هَمُّوا أن يُعاقِبوهم؛ فأنزَلَ اللهُ: {يَٰٓأَيُّهَا اْلَّذِينَ ءَامَنُوٓاْ إِنَّ مِنْ أَزْوَٰجِكُمْ وَأَوْلَٰدِكُمْ عَدُوّٗا لَّكُمْ فَاْحْذَرُوهُمْۚ} [التغابن: 14] الآيةَ». أخرجه الترمذي (٣٣١٧).

* سورة (التغابُنِ):

سُمِّيت سورة (التغابن) بهذا الاسم؛ لوقوع لفظ (التغابن) فيها؛ قال تعالى: {يَوْمَ يَجْمَعُكُمْ لِيَوْمِ اْلْجَمْعِۖ ذَٰلِكَ يَوْمُ اْلتَّغَابُنِۗ وَمَن يُؤْمِنۢ بِاْللَّهِ وَيَعْمَلْ صَٰلِحٗا يُكَفِّرْ عَنْهُ سَيِّـَٔاتِهِۦ وَيُدْخِلْهُ جَنَّٰتٖ تَجْرِي مِن تَحْتِهَا اْلْأَنْهَٰرُ خَٰلِدِينَ فِيهَآ أَبَدٗاۚ ذَٰلِكَ اْلْفَوْزُ اْلْعَظِيمُ} [التغابن: 9].

يقول القُرْطُبيُّ: «وسُمِّي يومُ القيامة يومَ التغابن؛ لأنه غبَنَ فيه أهلُ الجنَّةِ أهلَ النار؛ أي: إن أهلَ الجنَّة أخذوا الجنَّةَ، وأخذ أهلُ النارِ النارَ، على طريقِ المبادَلة؛ فوقَع الغَبْنُ لأجلِ مبادَلتِهم الخيرَ بالشرِّ، والجيِّدَ بالرديءِ، والنعيمَ بالعذاب.

يقال: غبَنْتُ فلانًا: إذا بايَعْتَه أو شارَيْتَه، فكان النقصُ عليه، والغلَبةُ لك، وكذا أهلُ الجنَّة وأهلُ النار». "تفسير القرطبي" (18 /136).

1. الإيمان بالله تعالى (١-٤).

2. المَغْبُونون (٥-٧).

3. التغابُنُ (٨-١٠).

4. على طريق النجاح (١١-١٣).

5. فتنة الأهل والمال (١٤-١٨).

ينظر: "التفسير الموضوعي لسور القرآن الكريم" لمجموعة من العلماء (8 /191).

اشتملت سورةُ (التغابُنِ) على تنزيهِ الله عز وجل من النقائص، واتصافِه بالعدل والكمال المطلق، وأتت السورة بالمبالغة في تحذيرِ الناس من يوم القيامة الذي يَفصِل اللهُ فيه بين الخلائق؛ لإحقاق الحق؛ ففيه يُقتصُّ لكل مخلوق، وتُرَدُّ كلُّ الحقوق، و(التغابن): اسمٌ من أسماء يوم القيامة.

ينظر: "مصاعد النظر للإشراف على مقاصد السور" للبقاعي (3 /90)، "التحرير والتنوير" لابن عاشور (28 /259).