ترجمة سورة محمد

الترجمة الأسامية

ترجمة معاني سورة محمد باللغة الأسامية من كتاب الترجمة الأسامية.
من تأليف: الشيخ رفيق الإسلام حبيب الرحمن .

যিসকলে কুফৰী কৰিছে আৰু আনক আল্লাহৰ পথৰ পৰা নিবৃত্ত কৰিছে তেওঁ (আল্লাহে) সিহঁতৰ আমলসমূহ ব্যৰ্থ কৰি দিছে।
আৰু যিসকলে ঈমান আনিছে, সৎকৰ্ম কৰিছে লগতে মুহাম্মদৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাৰ ওপৰত বিশ্বাস স্থাপন কৰিছে আৰু সেয়া তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা (প্ৰেৰিত) সত্য, তেৱেঁই তেওঁলোকৰ বেয়া আমলসমূহ দূৰ কৰিব আৰু তেওঁলোকৰ অৱস্থাৰ সংশোধন কৰিব।
এইটো এই কাৰণে যে, যিসকলে কুফৰী কৰিছে সিহঁতে বাতিলৰ অনুসৰণ কৰিছে আৰু যিসকলে ঈমান আনিছে তেওঁলোকে নিজ প্ৰতিপালকৰ প্ৰেৰিত সত্যৰ অনুসৰণ কৰিছে। এইদৰে আল্লাহে মানুহৰ বাবে সিহঁতৰ দৃষ্টান্তসমূহ উপস্থান কৰে।
এতকে যেতিয়া তোমালোকে কাফিৰসকলৰ লগত যুদ্ধত মুকাবিলা কৰা তেতিয়া (সিহঁতৰ) ঘাৰত আঘাত কৰিবা, অৱশেষত যেতিয়া তোমালোকে সিহঁতক সম্পূৰ্ণৰূপে পৰ্যুদস্ত কৰিবা তেতিয়া সিহঁতক কটকটীয়াকৈ বান্ধিবা; তাৰ পিছত হ’লে অনুকম্পা, নহ’লে মুক্তিপণ। যেতিয়া লৈকে (সিহঁতে) যুদ্ধৰ ভাৰ (অস্ত্ৰ-শস্ত্ৰ) নমাই নথয়। এইদৰেই, আৰু আল্লাহে ইচ্ছা কৰিলে সিহঁতৰ পৰা প্ৰতিশোধ লব পাৰিলেহেঁতেন, কিন্তু তেওঁ তোমালোকৰ এজনক আনজনৰ দ্বাৰা পৰীক্ষা কৰিব বিচাৰে। যিসকলে আল্লাহৰ পথত নিহত হয় তেওঁ কেতিয়া তেওঁলোকৰ আমল বিনষ্ট হ’ব নিদিয়ে।
অনতিপলমে তেওঁ তেওঁলোকক পথনিৰ্দেশ কৰিব আৰু তেওঁলোকৰ অৱস্থাৰ সংশোধন কৰিব।
আৰু তেওঁ তেওঁলোকক প্ৰৱেশ কৰাব জান্নাতত, যাৰ পৰিচয় তেওঁ তেওঁলোকক জনাই দিছে।
হে মুমিনসকল! যদি তোমালোকে আল্লাহক সহায় কৰা তেন্তে তেওঁ তোমালোকক সহায় কৰিব আৰু তোমালোকৰ ভৰি সুদৃঢ় কৰিব।
আৰু যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে আছে ধ্বংস আৰু তেওঁ সিহঁতৰ আমলসমূহ ব্যৰ্থ কৰি দিছে।
এইটো এই কাৰণে যে, আল্লাহে যি অৱতীৰ্ণ কৰিছে সেয়া সিহঁতে অপছন্দ কৰিছে। সেয়ে তেওঁ সিহঁতৰ আমলসমূহ নিষ্ফল কৰি দিছে।
তেন্তে সিহঁতে পৃথিৱীত ভ্ৰমণ কৰি চোৱা নাইনে সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ পৰিণাম কি হৈছিল? আল্লাহে সিহঁতক ধ্বংস কৰিছে। কাফিৰসকলৰ বাবে আছে অনুৰূপ পৰিণাম।
এইটো এই কাৰণে যে, নিশ্চয় আল্লাহ মুমিনসকলৰ অভিভাৱক আৰু এই কথাও নিশ্চিত যে, কাফিৰসকলৰ কোনো অভিভাৱক নাই।
নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক প্ৰৱেশ কৰাব জান্নাতত যাৰ তলত নদীসমূহ প্ৰবাহিত; কিন্তু যিসকলে কুফৰী কৰিছে সিহঁতে ভোগ-বিলাসত মত্ত থাকে আৰু আহাৰ কৰে সেইদৰে যিদৰে চতুষ্পদ জন্তুবোৰে আহাৰ কৰে; আৰু জাহান্নামেই সিহঁতৰ আবাসস্থল।
আৰু তোমাৰ জনপদ যিটোৰ পৰা সিহঁতে তোমাক বহিষ্কাৰ কৰিছে সেই জনপদৰ তুলনাত অধিক শক্তিশালী জনপদ আৰু বহুতো আছিল; যিবোৰক আমি ধ্বংস কৰি দিছো, ফলত সিহঁতৰ কোনো সহায়কাৰী নাছিল।
যি ব্যক্তি তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত সুস্পষ্ট প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত, সেইজন ব্যক্তি তাৰ দৰে নেকি যাৰ ওচৰত নিজৰ বেয়া আমলসমূহ শোভনীয় কৰি দিয়া হৈছে আৰু যিসকলে নিজৰ কামনা-বাসনাৰ অনুসৰণ কৰি আছে?
মুত্তাক্বীসকলক যি জান্নাতৰ প্ৰতিশ্ৰুতি দিয়া হৈছে তাৰ দৃষ্টান্ত হৈছে, তাত আছে নিৰ্মল পানীৰ নিজৰাসমূহ, আৰু আছে গাখীৰৰ নদীসমূহ যাৰ সোৱাদ অপৰিবৰ্তনীয়, লগতে পানকাৰী সকলৰ বাবে আছে সুস্বাদু সুৰাৰ নহৰসমূহ, আৰু আছে পৰিশোধিত মৌজোলৰ নদীসমূহ আৰু তাত থাকিব তেওঁলোকৰ বাবে প্ৰত্যেক প্ৰকাৰৰ ফলমূল, আৰু আছে তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা ক্ষমা। তেওঁলোক সিহঁতৰ দৰে নেকি যিহঁত জাহান্নামত স্থায়ী হ’ব আৰু যিহঁতক পান কৰোৱা হ’ব উতলা পানী, ফলত সেই পানীয়ে সিহঁতৰ নাড়ী-ভুৰু ছিন্ন-বিচ্ছিন্ন কৰি পেলাব।
সিহঁতৰ মাজৰ কিছুমানে তোমাৰ কথা মনোযোগ সহকাৰে শুনে, অৱশেষত তোমাৰ ওচৰৰ পৰা ওলাই গৈ তেওঁলোকক সোধে যিসকলক জ্ঞান দান কৰা হৈছে, ‘এই মাত্ৰ তেওঁ কি ক’লে’? ইহঁতেই সেইসকল লোক, যিসকলৰ অন্তৰসমূহত আল্লাহে মোহৰ মাৰি দিছে আৰু সিহঁতে নিজৰ কামনা-বাসনাৰ অনুসৰণ কৰিছে।
আৰু যিসকলে হিদায়ত প্ৰাপ্ত হৈছে আল্লাহে তেওঁলোকৰ হিদায়ত আৰু বৃদ্ধি কৰি দিয়ে আৰু তেওঁলোকক তেওঁলোকৰ তাক্বৱা প্ৰদান কৰে।
এতেকে সিহঁতে কেৱল এই অপেক্ষাত আছে নেকি যে, কিয়ামত সিহঁতৰ ওচৰত আকস্মিকভাৱে আহি পৰক? অৱশ্যে কিয়ামতৰ লক্ষণসমূহ আহিয়ে পৰিছে! সেয়ে কিয়ামত আহি পৰিলে সিহঁতে উপদেশ গ্ৰহণ কৰিব কেনেকৈ!
সেয়ে জানি থোৱা! আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। লগতে ক্ষমা প্ৰাৰ্থনা কৰা নিজৰ আৰু মুমিন নৰ-নাৰীসকলৰ ভুল-ত্ৰুটিৰ বাবে। আল্লাহে তোমালোকৰ গতিবিধি আৰু অৱস্থান সম্পৰ্কে অৱগত।
আৰু যিসকলে ঈমান আনিছে তেওঁলোকে কয়, এটা ছুৰা অৱতীৰ্ণ কৰা নহয় কিয়, তাৰ পিছত যদি কোনো মুহকাম ছুৰা অৱতীৰ্ণ হয় আৰু তাত যুদ্ধৰ কোনো নিৰ্দেশ থাকে, তেতিয়া তুমি দেখিবা যিসকলৰ অন্তৰত ব্যাধি আছে সিহঁতে মৃত্যুৰ ভয়ত বিহ্বল মানুহৰ দৰে তোমাৰ ফালে চাই আছে। এতেকে সিহঁতৰ বাবে উত্তম আছিল----
আনুগত্য আৰু ন্যায়সংগত বাক্য; এতেকে যেতিয়া সিদ্ধান্ত চূড়ান্ত হয়, তেতিয়া যদি সিহঁতে আল্লাহৰ লগত কৰা প্ৰতিশ্ৰুতি সত্যত পৰিণত কৰিলেহেঁতেন, তেন্তে সেয়া সিহঁতৰ বাবে কল্যাণকৰ হ’লেহেঁতেন।
তেন্তে তোমালোকে এইটো বিচৰা নেকি যে, যদি তোমালোকে শাসন কৰ্তৃত্ব পোৱা, তেন্তে তোমালোকে পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰিবা আৰু আত্মীয়তাৰ বন্ধন বিচ্ছিন্ন কৰিবা?
ইহঁতকেই আল্লাহে লানত কৰিছে, ফলত তেওঁ সিহঁতক বধিৰ কৰি দিছে আৰু সিহঁতৰ দৃষ্টিসমূহক অন্ধ কৰি দিছে।
তেন্তে সিহঁতে কোৰআন লৈ গভীৰ চিন্তা-চৰ্চা নকৰে নেকি? নে সিহঁতৰ অন্তৰত তলা লগোৱা আছে?
নিশ্চয় যিসকলে নিজৰ ওচৰত সৎপথ স্পষ্ট হোৱাৰ পিছতো তাৰ পৰা পৃষ্ঠপ্ৰদৰ্শন কৰে, চয়তানে সিহঁতৰ কৰ্মক শোভনীয় কৰি দেখুৱায় আৰু সিহঁতক মিছা আশা দিয়ে।
এইটো এই কাৰণে যে, আল্লাহে যি অৱতীৰ্ণ কৰিছে, সেয়া যিসকলে অপছন্দ কৰে সিহঁতক ইহঁতে কয়, ‘অনতিপলমে আমিও কিছুমান বিষয়ত তোমালোকৰ অনুসৰণ কৰিম’। কিন্তু আল্লাহে সিহঁতৰ গোপন অভিসন্ধিসমূহ জানে।
এতেকে সেই সময়ত সিহঁতৰ কি দশা হ’ব! যেতিয়া ফিৰিস্তাসকলে সিহঁতৰ মুখমণ্ডল আৰু পিঠিত মৰিয়াই মৰিয়াই প্ৰাণ হৰণ কৰিব!
এইটো এই কাৰণে যে, সিহঁতে এনে কিছুমান বিষয়ৰ অনুসৰণ কৰিছে যিবোৰে আল্লাহক অসন্তোষ কৰিছে আৰু সিহঁতে তেওঁৰ সন্তুষ্টিক অপছন্দ কৰিছে, সেয়ে তেওঁ সিহঁতৰ আমলসমূহ নিষ্ফল কৰি দিছে।
যিসকলৰ অন্তৰত ব্যাধি আছে সিহঁতে এইটো ভাৱে নেকি যে, আল্লাহে কেতিয়াও সিহঁতৰ বিদ্বেষভাৱ প্ৰকাশ কৰি নিদিব?
আৰু আমি ইচ্ছা কৰিলে তোমাক সিহঁতৰ পৰিচয় দিলোহেঁতেন; ফলত তুমি সিহঁতৰ লক্ষণ দেখিয়ে সিহঁতক চিনিব পাৰিলাহেঁতেন। কিন্তু অৱশ্যে তুমি সিহঁতৰ কথাৰ ভঙ্গিতে সিহঁতক চিনিব পাৰিবা। আল্লাহে তোমালোকৰ যাৱতীয় আমল সম্পৰ্কে জানে।
আৰু আমি অৱশ্যে তোমালোকক পৰীক্ষা কৰিম এই কথা প্ৰকাশ নকৰা লৈকে যে, তোমালোকৰ মাজত কোন জিহাদকাৰী আৰু কোন ধৈৰ্যশীল আৰু আমিয়েই তোমালোকৰ কৰ্মকাণ্ড পৰীক্ষা কৰো।
নিশ্চয় যিসকলে কুফৰী কৰিছে আৰু মানুহক আল্লাহৰ পথৰ পৰা নিবৃত্ত কৰিছে লগতে সিহঁতৰ ওচৰত হিদায়ত সুস্পষ্ট হোৱাৰ পিছতো ৰাছুলৰ বিৰোধিতা কৰিছে, সিহঁতে কেতিয়াও আল্লাহৰ কোনো ক্ষতি কৰিব নোৱাৰিব। অতিশীঘ্ৰে তেওঁ সিহঁতৰ আমলসমূহ নিষ্ফল কৰি দিব।
হে মুমিনসকল! তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা, আৰু তোমালোকে নিজৰ আমলসমূহ বিনষ্ট নকৰিবা।
নিশ্চয় যিসকলে কুফৰী কৰিছে আৰু আল্লাহৰ পথৰ পৰা মানুহক নিবৃত্ত কৰিছে, তাৰ পিছত কাফিৰ অৱস্থাত মৃত্যুবৰণ কৰিছে, আল্লাহে সিহঁতক কেতিয়াও ক্ষমা নকৰিব।
এতেকে তোমালোকে মনোবল নেহেৰুৱাবা আৰু সন্ধিৰ প্ৰস্তাবো নিদিবা, তোমালোকেই প্ৰবল, কাৰণ আল্লাহ আছে (সহায়ক হিচাপে) তোমালোকৰ লগত আৰু তেওঁ তোমালোকৰ কৰ্মফল কেতিয়াও ক্ষুণ্ণ নকৰিব।
পাৰ্থিৱ জীৱন কেৱল খেল-ধেমালি আৰু অৰ্থহীন কথা-বতৰাহে। যদি তোমালোকে ঈমান পোষণ কৰা আৰু তাক্বৱা অৱলম্বন কৰা তেন্তে আল্লাহে তোমালোকক তোমালোকৰ পুৰষ্কাৰ প্ৰদান কৰিব আৰু তেওঁ তোমালোকৰ ধন-সম্পদ নিবিচাৰে।
যদি তেওঁ তোমালোকৰ ওচৰত সেয়া (ধন-সম্পদ) বিচাৰে, তাৰ পিছত তেওঁ তোমালোকৰ ওপৰত প্ৰবল চাপ দিয়ে তেন্তে তোমালোকে কৃপণালিহে কৰিবা আৰু তেওঁ তেতিয়া তোমালোকৰ বিদ্বেষভাৱ প্ৰকাশ কৰি দিব।
চোৱা, তোমালোকেই সেইসকল লোক, যিসকলক আল্লাহৰ পথত ব্যয় কৰিবলৈ কোৱা হৈছে অথচ তোমালোকৰ কিছুমানে কৃপণতাহে কৰিছে, কিন্তু যিয়ে কৃপণালি কৰিছে সি নিজৰ প্ৰতিহে কৃপণালি কৰিছে। (জানি থোৱা!) আল্লাহ অভাৱমুক্ত আৰু তোমালোক অভাৱগ্ৰস্ত। যদি তোমালোকে বিমুখ হোৱা, তেন্তে তেওঁ তোমালোকৰ বাহিৰে আন এটা সম্প্ৰদায়ক তোমালোকৰ স্থলৱৰ্তী কৰিব; সিহঁত কিন্তু তোমালোকৰ দৰে নহ’ব।
سورة محمد
معلومات السورة
الكتب
الفتاوى
الأقوال
التفسيرات

سورة (مُحمَّد) أو سورة (القِتال) من السُّوَر المدنية، وقد نزلت بعد سورة (الحديد)، وحثَّتْ على الجهاد؛ لحفظِ بيضة هذا الدِّين، ولإعلاء كلمة الله بهذه الوسيلة المشروعة، وقد بيَّنتْ حقيقةَ الصراع بين الكفر والإيمان، وبين مَن يُقِيم العدلَ والطُّمأنينة ومن يُقِيم الجَوْرَ والخوف، ولا يكون ذلك إلا بما شرعه اللهُ من الوسائل.

ترتيبها المصحفي
47
نوعها
مدنية
ألفاظها
542
ترتيب نزولها
96
العد المدني الأول
39
العد المدني الأخير
39
العد البصري
40
العد الكوفي
38
العد الشامي
39

* سورة (مُحمَّد):

سُمِّيت سورة (مُحمَّد) بهذا الاسم؛ لأنَّه جاء فيها اسمُ النبي صلى الله عليه وسلم في الآية الثانية منها؛ قال تعالى: {وَاْلَّذِينَ ءَامَنُواْ وَعَمِلُواْ اْلصَّٰلِحَٰتِ وَءَامَنُواْ بِمَا نُزِّلَ عَلَىٰ مُحَمَّدٖ وَهُوَ اْلْحَقُّ مِن رَّبِّهِمْ كَفَّرَ عَنْهُمْ سَيِّـَٔاتِهِمْ وَأَصْلَحَ بَالَهُمْ} [محمد: 2].

* سورة (القِتال):

سُمِّيت بهذا الاسم؛ لأنه جاء فيها هذا اللفظُ؛ قال تعالى: {وَيَقُولُ اْلَّذِينَ ءَامَنُواْ لَوْلَا نُزِّلَتْ سُورَةٞۖ فَإِذَآ أُنزِلَتْ سُورَةٞ مُّحْكَمَةٞ وَذُكِرَ فِيهَا اْلْقِتَالُ رَأَيْتَ اْلَّذِينَ فِي قُلُوبِهِم مَّرَضٞ يَنظُرُونَ إِلَيْكَ نَظَرَ اْلْمَغْشِيِّ عَلَيْهِ مِنَ اْلْمَوْتِۖ فَأَوْلَىٰ لَهُمْ} [محمد: 20]، ولأنها بيَّنتْ أحكامَ قتالِ الكفار ومشروعيَّتَه.

1. تعريف لطرَفَيِ الصراع، وحثُّ المؤمنين على القتال (١-٦).

2. سُنَّة الله التي لا تتبدل في المؤمنين والكافرين (٧-١٥).

3. التعريف بالمنافقين، والموازنة بينهم وبين المؤمنين (١٦-٣٠).

4. تهديد الضالِّين، ودفعُ المؤمنين لتحمُّل تكاليف الإيمان (٢٩-٣٨).

ينظر: "التفسير الموضوعي لسور القرآن الكريم" لمجموعة من العلماء (7 /234).

مقصدُ هذه السورة هو دعوةُ المؤمنين إلى حفظِ حظيرة الدِّين؛ بإقامة الجهاد وإدامته؛ فلا بد من الاستعداد الجيد، والتضحية لنشر هذا الدِّين بكل الوسائل المشروعة المطلوبة؛ ومن ذلك: الجهاد في سبيل الله؛ دفعًا للشر، ودعوة إلى الخير، ومن ذلك: تسميتُها بسورة (القِتال).

ينظر: "مصاعد النظر للإشراف على مقاصد السور" للبقاعي (2 /487).