ترجمة سورة الدّخان

الترجمة الأسامية

ترجمة معاني سورة الدّخان باللغة الأسامية من كتاب الترجمة الأسامية.
من تأليف: الشيخ رفيق الإسلام حبيب الرحمن .

হা-মীম।
শপত সুস্পষ্ট কিতাবৰ!
নিশ্চয় ইয়াক আমি অৱতীৰ্ণ কৰিছো এটা বৰকতময় ৰাতিত; নিশ্চয় আমি সতৰ্ককাৰী।
সেই ৰাতিত প্ৰত্যেক চূড়ান্ত সিদ্ধান্ত স্থিৰ কৰা হয়,
আমাৰ আদেশ অনুসাৰে। নিশ্চয় আমিয়েই ৰাছুল প্ৰেৰণকাৰী।
তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা ৰহমতস্বৰূপে; নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ,
তেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মাজৰ সকলো বস্তুৰ ৰব; যদি তোমালোকে নিশ্চিত বিশ্বাসী হোৱা।
তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু ঘটায়; তেৱেঁই তোমালোকৰ ৰব আৰু তোমালোকৰ পিতৃ-পুৰুষসকলোৰো ৰব।
বৰং সিহঁতে সন্দেহৰ বশবৰ্তী হৈ খেল-ধেমালি কৰি আছে।
এতেকে তুমি অপেক্ষা কৰা সেই দিনটোলৈ, যিদিনা স্পষ্ট ধোঁৱাৰে আচ্ছন্ন হ’ব আকাশ,
যিটোৱে মানুহক আবৃত কৰি পেলাব। এইটো যন্ত্ৰণাদায়ক শাস্তি।
(সিহঁতে ক’ব) ‘হে আমাৰ ৰব! আমাৰ পৰা শাস্তি দূৰ কৰি দিয়া, নিশ্চয় আমি মুমিন হম’।
কেনেকৈ সিহঁতে উপদেশ গ্ৰহণ কৰিব? অথচ ইতিপূৰ্বে সিহঁতৰ ওচৰত আহিছিল এজন স্পষ্ট ৰাছুল;
তাৰ পিছত সিহঁতে তেওঁৰ পৰা মুখ ঘূৰাই লৈছিল আৰু কৈছিল, ‘এওঁ এজন শিক্ষাপ্ৰাপ্ত উন্মাদ’।
নিশ্চয় আমি অলপ সময়ৰ কাৰণে শাস্তি ৰহিত কৰিম, (কিন্তু) নিশ্চয় তোমালোক তোমালোকৰ আগৰ অৱস্থালৈ উভতি যাবা।
যিদিনা আমি প্ৰবলভাৱে কৰায়ত্ত কৰিম, সেইদিনা নিশ্চয় আমি হম প্ৰতিশোধ গ্ৰহণকাৰী।
আৰু অৱশ্যে আমি ইহঁতৰ আগত ফিৰআউন সম্প্ৰদায়ক পৰীক্ষা কৰিছিলো আৰু সিহঁতৰ ওচৰতো আহিছিল এজন সন্মানিত ৰাছুল,
(তেওঁ ফিৰআউনক কৈছিল) ‘আল্লাহৰ বান্দাসকলক মোলৈ গতাই দিয়া। নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।
‘আৰু তোমালোকে আল্লাহৰ বিৰুদ্ধে ঔদ্ধত্য প্ৰকাশ নকৰিবা, নিশ্চয় মই তোমালোকৰ ওচৰত স্পষ্ট প্ৰমাণ লৈ আহিম।
‘তোমালোকৰ প্ৰস্তৰাঘাতৰ পৰা মই মোৰ প্ৰতিপালক আৰু তোমালোকৰ প্ৰতিপালকৰ ওচৰত আশ্ৰয় বিচাৰিছো।
‘আৰু যদি তোমালোকে মোৰ প্ৰতি বিশ্বাস স্থাপন নকৰা, তেন্তে মোক এৰি গুচি যোৱা’।
তাৰ পিছত তেওঁ নিজ প্ৰতিপালকক আহ্বান কৰি ক’লে, ‘নিশ্চয় ইহঁত এটা অপৰাধী সম্প্ৰদায়’।
(আল্লাহে ক’লে) ‘তেন্তে তুমি মোৰ বান্দাসকলক লৈ ৰাতিৰ ভিতৰতে ওলাই যোৱা, নিশ্চয় তোমালোকক পিছ ফালৰ পৰা খেদি যোৱা হ’ব’।
‘আৰু সাগৰখনক স্থিৰ থাকিবলৈ দিয়া, নিশ্চয় সিহঁত হ’ব ডুবি মৰা বাহিনীৰ অন্তৰ্ভুক্ত’।
সিহঁতে পিছফালে এৰি গৈছিল বহুতো উদ্যান আৰু প্ৰস্ৰৱন,
শস্যক্ষেত্ৰ আৰু সুৰম্য বাসস্থান,
আৰু নানা ধৰণৰ বিলাস-সামগ্ৰী, য’ত সিহঁতে আনন্দ উপভোগ কৰিছিল।
এনেকুৱাই হৈছিল, আৰু আমি এই সকলোবোৰৰ উত্তৰাধিকাৰী কৰিছিলো এটা বেলেগ সম্প্ৰদায়ক।
এতেকে আকাশ আৰু পৃথিৱীয়ে সিহঁতৰ বাবে অশ্ৰুপাত কৰা নাছিল আৰু সিহঁত অৱকাশ প্ৰাপ্তও নাছিল।
আৰু অৱশ্যে আমি বনী ইছৰাঈলক লাঞ্ছনাদায়ক শাস্তিৰ পৰা উদ্ধাৰ কৰিছিলো,
ফিৰআউনৰ পৰা, নিশ্চয় সি আছিল সীমালংঘনকাৰী সকলৰ মাজত শীৰ্ষস্থানীয়।
আৰু আমি জানি বুজিয়ে সিহঁতক সকলো সৃষ্টিৰ ওপৰত নিৰ্বাচিত কৰিছিলো।
আৰু আমি সিহঁতক এনেকুৱা নিদৰ্শনাৱলী প্ৰদান কৰিছিলো য’ত আছিল সুস্পষ্ট পৰীক্ষা;
নিশ্চয় সিহঁতে (এই কথা সদায়ে) কৈ থাকে,
‘আমাৰ প্ৰথম মৃত্যুৰ বাহিৰে আন একো নাই, আৰু আমি কেতিয়াও পুনৰুত্থিত নহওঁ।
‘এতেকে তোমালোকে যদি সত্যবাদী হোৱা তেন্তে আমাৰ পিতৃ-পুৰুষসকলক লৈ আহা’।
(কোৱাচোন) শ্ৰেষ্ঠ কোন, সিহঁত নে তুব্বা সম্প্ৰদায়, নে সিহঁতৰ পূৰ্বে যিসকল আছিল সিহঁত? আমি সিহঁতক ধ্বংস কৰিছিলো। নিশ্চয় সিহঁত আছিল অপৰাধী।
আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মাজত যি আছে ইয়াৰ একোৱেই আমি ধেমালিৰ ছলেৰে সৃষ্টি কৰা নাই;
আমি এই দুয়োকে যথাযথভাৱেই সৃষ্টি কৰিছো, কিন্তু সিহঁতৰ সৰহভাগেই নাজানে।
নিশ্চয় মীমাংসাৰ দিনটো সিহঁত সকলোৰে বাবে নিৰ্ধাৰিত সময়।
সেইদিনা এজন বন্ধু আন এজন বন্ধুৰ কোনো কামত নাহিব আৰু সিহঁতে সহায়ও নাপাব।
কিন্তু আল্লাহে যাৰ প্ৰতি দয়া কৰিব কেৱল তেওঁ ব্যতীত। নিশ্চয় আল্লাহ মহাপৰাক্ৰমশালী, পৰম দয়ালু।
নিশ্চয় যাক্কূম গছ হ’ব,
পাপীৰ খাদ্য,
গলিত তামৰ দৰে, পেটৰ মাজত উতলি থাকিব,
উতলি থকা গৰম পানীৰ দৰে।
(কোৱা হ’ব) ‘ধৰা তাক আৰু টানি লৈ যোৱা জাহান্নামৰ মধ্যস্থলত,
‘তাৰ পিছত তাৰ মূৰৰ ওপৰত উতলা পানীৰ শাস্তি ঢালি দিয়া’,
(কোৱা হ’ব) ‘সোৱাদ লোৱা, নিশ্চয় তুমি সন্মানিত, অভিজাত!
‘নিশ্চয় এইটোৱেই সেই শাস্তি, যিটোক তোমালোকে সন্দেহ কৰিছিলা’।
নিশ্চয় মুত্তাক্বীসকল থাকিব নিৰাপদ স্থানত,
বাগ-বাগিচা আৰু নিজৰাসমূহৰ মাজত,
তেওঁলোকে পৰিধান কৰিব মিহি পাট আৰু ৰেচমী বস্ত্ৰ আৰু ইজনে সিজনৰ সন্মুখত বহিব।
এনেকুৱাই হ’ব, আৰু আমি তেওঁলোকৰ বিয়া পাতি দিম মৃগনয়না হূৰসকলৰ লগত,
তাত তেওঁলোকে প্ৰশান্ত চিত্তে বিবিধ ফলমূল আনিবলৈ কব।
প্ৰথম মৃত্যুৰ পিছত তেওঁলোকে তাত আৰু মৃত্যু আস্বাদন নকৰিব। তেওঁ তেওঁলোকক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰিব,
তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহস্বৰূপে, এইটোৱেই মহা সফলতা।
এতেকে নিশ্চয় আমি তোমাৰ ভাষাত কোৰআনক সহজ কৰি দিছো, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।
এতেকে তুমি অপেক্ষা কৰা, নিশ্চয় সিহঁতেও অপেক্ষাকাৰী।
سورة الدخان
معلومات السورة
الكتب
الفتاوى
الأقوال
التفسيرات

سورةُ (الدُّخَان) من السُّوَر المكية، وقد احتوت على ذِكْرِ علامةٍ من العلامات الكبرى ليومِ القيامة؛ وهي دُخَانٌ يملأ ما بين السماءِ والأرض يغشى الناسَ، وفي ذلك تحذيرٌ للكفار من هلاك قريب، وترهيبٌ لهم من مصيرٍ مَهُول، ودعوةٌ لهم إلى العودة إلى طريق الله، والاستجابةِ لأمره، وتركِ ما هم عليه من تكبُّرٍ وكفر، وخُتمت السورة بالترغيب فيما يَلْقاه المؤمنُ من عطاء الله، والخيرِ الذي عنده، وكلُّ هذا دعوةً للكفار للإيمان، وتثبيتًا للمؤمنين على إيمانهم.

ترتيبها المصحفي
44
نوعها
مكية
ألفاظها
346
ترتيب نزولها
64
العد المدني الأول
56
العد المدني الأخير
56
العد البصري
57
العد الكوفي
59
العد الشامي
56

* قوله تعالى: {يَوْمَ نَبْطِشُ اْلْبَطْشَةَ اْلْكُبْرَىٰٓ إِنَّا مُنتَقِمُونَ} [الدخان: 16]:

عن عبدِ اللهِ بن مسعودٍ رضي الله عنه، قال: «إنَّما كان هذا لأنَّ قُرَيشًا لمَّا استعصَوْا على النبيِّ صلى الله عليه وسلم، دعَا عليهم بسِنِينَ كَسِنِي يوسُفَ، فأصابَهم قَحْطٌ وجَهْدٌ حتى أكَلوا العِظامَ، فجعَلَ الرجُلُ ينظُرُ إلى السماءِ فيَرى ما بَيْنَه وبينها كهيئةِ الدُّخَانِ مِن الجَهْدِ؛ فأنزَلَ اللهُ تعالى: {فَاْرْتَقِبْ يَوْمَ تَأْتِي اْلسَّمَآءُ بِدُخَانٖ مُّبِينٖ ١٠ يَغْشَى اْلنَّاسَۖ هَٰذَا عَذَابٌ أَلِيمٞ} [الدخان: 10-11]، قال: فأُتِيَ رسولُ اللهِ صلى الله عليه وسلم، فقيل له: يا رسولَ اللهِ، استَسْقِ اللهَ لِمُضَرَ؛ فإنَّها قد هلَكتْ، قال: «لِمُضَرَ؟ إنَّك لَجريءٌ»، فاستَسقى لهم؛ فَسُقُوا؛ فنزَلتْ: {إِنَّكُمْ عَآئِدُونَ} [الدخان: 15]، فلمَّا أصابَتْهم الرَّفاهيَةُ، عادُوا إلى حالِهم حينَ أصابَتْهم الرَّفاهيَةُ؛ فأنزَلَ اللهُ عز وجل: {يَوْمَ نَبْطِشُ اْلْبَطْشَةَ اْلْكُبْرَىٰٓ إِنَّا مُنتَقِمُونَ} [الدخان: 16]، قال: يَعنِي: يومَ بَدْرٍ». أخرجه البخاري (٤٨٢١).

* سورة (الدُّخَان):

سُمِّيت سورة (الدُّخَان) بهذا الاسم؛ لورودِ لفظ (الدُّخَان) فيها في قوله تعالى: {فَاْرْتَقِبْ يَوْمَ تَأْتِي اْلسَّمَآءُ بِدُخَانٖ مُّبِينٖ} [الدخان: 10].

مقصدُ سورة (الدُّخَان) هو الإنذار بالهلاكِ والعذاب لكلِّ مَن أعرض عن هذا الكتابِ الحكيم، ولم يَقبَلْ ما أُرسِل به مُحمَّدٌ صلى الله عليه وسلم، وفي هذا دعوةٌ للكفار إلى العودة إلى الحقِّ واتباع هذا الدِّين قبل أن يَنزِلَ بهم العذاب، كما أن فيه إقامةَ الحُجَّة بتمام البلاغ.

ينظر: "مصاعد النظر للإشراف على مقاصد السور" للبقاعي (2 /471).